মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি - MORIGAON NEWS

🎬 Watch Now: Feature Video

thumbnail
জালুগুটি নবোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 16, 2026 at 7:35 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও : শনিবাৰে মৰিগাঁৱৰ জালুগুটি নবোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সংস্কৃতিক অনুষ্ঠানটোত বিদ্যালখনৰ শিক্ষক-শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । পুৱাই বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্বজ্যোতি দাসৰ পতাকা উত্তোলনেৰে সংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয় ৷ পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে, ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে কলা-সংস্কৃতিৰ চৰ্চাৰ জৰিয়তেও নিজৰ ব্যক্তিত্ব বিকাশ কৰিব লাগিব ৷

বিদ্যালয়খনৰ কণ কণ ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য আদি পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় এখন বিশেষ নাটক । অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত এখন নাট পৰিৱেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details