পেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ
🎬 Watch Now: Feature Video

Published : August 8, 2026 at 4:54 PM IST
নাজিৰা : নাজিৰাৰ বানাক্ৰান্ত চন্টক বৰ মিছিং গাঁৱৰ ৰাইজৰ কাষত প্ৰাক্তন সাংসদ, মন্ত্ৰী তথা অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা উপস্থিত হয় ৷ শনিবাৰে চন্টক বৰ মিছিং গাঁৱত বানত ক্ষতিগ্ৰস্ত ১০০টা পৰিয়ালক বান সাহায্য আগবঢ়ায় ৷ উল্লেখ্য যে, এমাহৰ পেঞ্চনৰ ধনেৰে বন্যাৰ্তৰ কাষত নেতাগৰাকী উপস্থিত হয় ৷
প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াক লগত লৈ সাহাৰ্য সামগ্ৰী বিতৰণ কৰি নেতাগৰাকীয়ে কয়,"মই পেঞ্চন ভোগী ৷ সেয়ে এমাহৰ পেঞ্চনেৰ ধনেৰে বন্যাৰ্তক কিঞ্চিত মান সহায় কৰাৰ চেষ্টা কৰিলো ৷ য'ত এতিয়াও উপযুক্ত সাহাৰ্য পোৱা নাই সেই স্থান চিনাক্ত কৰি ১০০টা পৰিয়ালক কিছু সামগ্ৰী দিয়াৰ চেষ্টা কৰিলো ৷ ১৫ দিন ধৰি অসমৰ বাহিৰত থকাৰ বাবে বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আহিব পৰা নাছিলো ।"
লগতে পঢ়ক : অসমৰ বান ৰাষ্ট্ৰীয় সমস্যাৰ বিপৰীতে ৰাষ্ট্ৰীয় সমাধানহে হ’ব লাগে : মুখ্যমন্ত্ৰী