বনবিভাগৰ জালত চোৰাং চিকাৰী, জব্দ হস্তনিৰ্মিত বন্দুক - POACHER ARRESTED
🎬 Watch Now: Feature Video

Published : May 3, 2026 at 3:20 PM IST
জোনাই : জোনাইৰ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাৰ লেকু বীটৰ অন্তৰ্গত পবাৰ পৰা শনিবাৰে এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোকজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, দা, মোবাইল ফোনৰ লগতে এটা বেগ জব্দ কৰিবলৈ সক্ষম হয় । বন বিষয়া দেৱব্ৰত গগৈয়ে জনাই যে শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত ব্যক্তিজনে হস্তনিৰ্মিত এটা বন্দুক লৈ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাত চিকাৰ কৰিবলৈ প্ৰৱেশ কৰে ।
তেনে সময়তে বন বিভাগৰ এটা তহলদাৰী দলে ব্যক্তিজনক আটক কৰে । তহলদাৰী দলটোৱে চোৰাং চিকাৰীগৰাকীক কৰায়ত্ত কৰি সোধপোছ কৰাত ম'হ চিকাৰ কৰিবলৈ যোৱা বুলি স্বীকাৰ কৰে । লগে লগে চোৰাং চিকাৰীগৰাকীক আটক কৰে জোনাই বনাঞ্চলিক বন বিভাগে । আটকাধীন ব্যক্তিজন জোনাইৰ উজনি চিৰুং গাঁৱৰ নৰেন পেগু বুলি জানিব পৰা গৈছে । চোৰাং চিকাৰী গৰাকীক নিশা জোনাই আৰক্ষী থানাৰ জিম্মাত ৰাখি বন আইনৰ অধীনত দেওবাৰে ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হ'ব বুলি বনবিভাগে সদৰী কৰে ।