কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঘঁৰিয়ালৰ বিচৰণ - CROCODILE SPOTTED AT KNP
🎬 Watch Now: Feature Video

Published : May 10, 2026 at 1:50 PM IST
কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শনিবাৰে এক বিৰল প্ৰজাতিৰ ঘঁৰিয়াল দেখা যায় । কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসত এয়া পৰ্যটকে ঘঁৰিয়াল দেখা পোৱা প্ৰথমটো ঘটনা বুলি অভিহিত কৰা হৈছে ।
উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু বন শিবিৰৰ ওচৰৰ ডিফলু নদীত পুৱাৰ চাফাৰীৰ সময়ত পৰ্যটকৰ এটা দলে এই ঘঁৰিয়ালটো প্ৰত্যক্ষ কৰে । পৰ্যটকৰ দলটো প্ৰথমে এজনী হাতীয়ে পানী খাই থকা প্ৰত্যক্ষ কৰে, তেনে সময়তে হঠাতে তেওঁলোকে নদীত ঘঁৰিয়ালটো ওপঙি থকা দেখা পায় । পৰ্যটক গাইড শিশুকান্ত নাথ আৰু পৰ্যটক দিগন্ত কুমাৰ শৰ্মাই এই আপুৰুগীয়া মুহূৰ্তটো কেমেৰাত আৱদ্ধ কৰে ।
এসময়ত অসমৰ নদ-নদীৰ পৰা বিলুপ্ত হোৱা বুলি ধাৰণা কৰা ঘঁৰিয়ালৰ এই উপস্থিতি ৰাষ্ট্ৰীয় উদ্যানখনৰ সুস্বাস্থ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ এক ইতিবাচক সংকেত বুলি বন বিভাগে উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে ২০২২ চনৰ ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত শিলঘাট অঞ্চলত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে ঘঁৰিয়ালৰ উপস্থিতিৰ আলোকচিত্ৰত প্ৰমাণ পোৱা গৈছিল ।
লগতে পঢ়ক : ২০২৫–২৬ বৰ্ষত কাজিৰঙাত অভিলেখ সংখ্য়ক পৰ্যটনৰ আগমন