ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন, LIVE... - BUDGET SESSION 2026
🎬 Watch Now: Feature Video

Published : July 6, 2026 at 9:34 AM IST
আজি (সোমবাৰ) ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন । পুৱা ৯:৩০ বজাৰ পৰা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ সদনৰ কাম-কাজ । ৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে সৰ্বমুঠ ২১ দিন চলিব বিধানসভাৰ বাজেট অধিৱেশনৰ কাম-কাজ ৷ এইবাৰৰ বাজেট অধিৱেশনত নতুন বিধেয়কৰ পৰিৱৰ্তে চৰকাৰে ১২ খনকৈ সংশোধনী বিধেয়ক উপস্থাপন কৰিব । এইবাৰৰ বাজেট অধিৱেশনৰ ১০ জুলাই তাৰিখে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব । ইয়াৰ পূৰ্বে বিগত চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্রীৰ দায়িত্বত আছিল অজন্তা নেওগ । বিগত সময়ত মন্ত্রী অজন্তা নেওগে দাখিল কৰিছিল বাজেট ৷ উল্লেখ্য যে, মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এইখন প্ৰথমখন বাজেট অধিৱেশন । এই অধিৱেশনত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব ।