অসম-মণিপুৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযানত গুলীচালনা: আৰক্ষী জোৱান আহত - ANTI DRUG OPERATION
🎬 Watch Now: Feature Video

Published : May 6, 2026 at 8:00 PM IST
শিলচৰ : কাছাৰৰ লক্ষীপুৰ অঞ্চলত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় । মঙলবাৰে নিশা চলোৱা এই অভিযানৰ সময়ত অসম-মণিপুৰ সীমান্তৰ জিৰিঘাটৰ দীঘলাকৰ গাঁৱত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় । আৰক্ষীৰ উপস্থিতিৰ উমান পাই সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলীচালনা কৰে । এই ঘটনাত এগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । আহত জোৱানগৰাকী শ্বৰীফ হুছেইন কাজী বুলি জানিব পৰা গৈছে । গুলীবিদ্ধ জোৱানজনক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পিছতে অঞ্চলটোত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ঘটনাটো সন্দৰ্ভত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়, "মঙলবাৰে লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে ড্ৰাগছ বিৰোধী অভিযান চলাইছিল । সেই অভিযানত এজন আৰক্ষী জোৱান গুলীবিদ্ধ হয় । আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান চলাইছে ।" এই ঘটনাটোক লৈ সমগ্ৰ কাছাৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :
শিৱসাগৰত আৰক্ষীৰ জালত আলফা স্বাধীনৰ কেডাৰ ৰণ্টু অসম, অস্ত্ৰ-শস্ত্ৰ জব্দ