লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অগ্নিকাণ্ড - কম্পিউটাৰ
🎬 Watch Now: Feature Video

Published : July 5, 2026 at 5:46 PM IST
লখিমপুৰ : লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । জিলা আয়ুক্তৰ কাৰ্যালয়ত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনাটো ।
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দ্বিতীয় মহলাত থকা ৰিলিফ শাখাত এই ঘটনাৰ সূত্রপাত হয় । এই অগ্নিকাণ্ডত শাখাটোৰ কিছু ফাইল ভষ্মীভূত হয় ৷ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পিচত ঘটনাস্থলীত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপিত হয় ৷ এটা কম্পিউটাৰত হোৱা বৈদ্যুতিক শ্ব’ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।
ইফালে, অগ্নিনিৰ্বাপন কৰিবলৈ যোৱা বাহিনীটোৰ বিশ্বজিৎ নামৰ এজন জোৱান কিছু পৰিমানে আহত হোৱাত তেওঁক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক:নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, ১৫খন অগ্নিনিৰ্বাপক বাহনেৰে নিৰ্বাপন জুই
ভয়ংকৰ অগ্নিকাণ্ডত যোৰহাটত ব্য়ৱসায়িক প্ৰতিষ্ঠানসহ গুডাম ভস্মীভূত