আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই - ই টিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 11, 2026 at 12:29 PM IST
ডিব্ৰুগড় : তৃতীয়বাৰলৈ টিংখাং সমষ্টিৰ পৰা জয়লাভ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই । দ্বিতীয়বাৰৰ বাবে বিমল বড়াক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য ৰাজহুৱা উদ্যোগ আৰু এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ৷
মন্ত্ৰিত্ব লাভ কৰা পাছত বুধবাৰে গৃহ সমষ্টি টিংখাঙত মন্ত্ৰী বড়াক বিপুল ৰাইজে আদৰণি জনায় । গৃহ সমষ্টিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিমামণ্ডিত শ্ৰীশ্ৰী যুৰীয়া আই থানত সেৱা লৈ আগন্তুক কাৰ্যকালৰ বাবে আশীষ বিচৰাৰ লগতে শ্ৰীশ্ৰী যুৰীয়া আইথানৰ প্ৰাংগণত নিৰ্মাণ কৰা ৰাজগড় প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে । ইয়াৰ পাছতে প্ৰেক্ষাগৃহত উপস্থিত থকা সহস্ৰাধিক ৰাইজৰ ওচৰত আঠুকাঢ়ি সেৱা লৈ কৃতজ্ঞতা প্ৰকাশ কৰে।
ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী বৰাই কয়, "এগৰাকী জনপ্ৰতিনিধিৰ বাবে সমষ্টিৰ ৰাইজৰ আশীৰ্বাদহে আটাইতকৈ ডাঙৰ কথা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্ব দিয়াৰ পাছত আজি সমষ্টিৰ সকলো ৰাইজে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে । সমষ্টিৰ ৰাইজৰ সাহসৰ বাবে মন্ত্ৰী হিচাপে কাম কৰাত যথেষ্ট সুবিধা হৈছে । ৰাইজৰ আশীৰ্বাদ আৰু পাৰ ভঙা উৎসাহে আগন্তুক দিনত দায়ৱদ্ধতাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ৷"