অৱসৰৰ পাছতো নিজৰ ইচ্ছামতেই শিক্ষকতা কৰিবলৈ বিদ্যালয় বাচি ল'ব পাৰিব ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষকে

🎬 Watch Now: Feature Video

thumbnail
ডঃ মিজানুৰ ৰহমানলৈ আহিল বিভাগীয় শীৰ্ষ মহলৰ পত্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 6, 2026 at 11:00 AM IST

2 Min Read
Choose ETV Bharat

ধুবুৰী: ধুবুৰী জিলাৰ আগমনিৰ কালডোবা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডঃ মিজানুৰ ৰহমানলৈ আহিল বিভাগীয় শীৰ্ষ মহলৰ পত্ৰ । ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষক ডঃ মিজানুৰ ৰহমানে চলিত বৰ্ষৰ ৩০ এপ্ৰিলত তেওঁৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । ২০১৭ চনত ৰাজ্যিক বঁটা লাভ কৰা শিক্ষকগৰাকীয়ে সেই বছৰতে স্বচ্ছ বিদ্যালয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল । 

অসম চৰকাৰৰ শিক্ষা বিভাগে অৱসৰপ্ৰাপ্ত শিক্ষক ডঃ মিজানুৰ ৰহমানলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁক পুনৰ এবছৰৰ বাবে শিক্ষকতাৰ বৃত্তিত যোগদান কৰাৰ কথা উল্লেখ কৰিছে । সেই অতিৰিক্ত এবছৰ শিক্ষকতা কৰাৰ বাবে শিক্ষকগৰাকীয়ে নিজৰ পচন্দ অনুসৰি ধুবৰী জিলাৰ যিকোনো বিদ্যালয়ত কাম কৰিব পাৰিব বুলি সদৰী কৰিছে ।

উল্লেখ্য যে, ৰাজ্যিক বঁটাপ্ৰপক শিক্ষকসকলক অসম চৰকাৰে সন্মান জনোৱাৰ উদ্যেশ্যে তেওঁলোকৰ অৱসৰ লোৱাৰ পিছত অতিৰিক্তভাৱে এবছৰ কাৰ্যকাল বৃদ্ধি কৰি শৈক্ষিক উত্তৰণৰ স্বাৰ্থত কাম কৰি আহিছে । 

অৱসৰপ্ৰাপ্ত শিক্ষক ডঃ মিজানুৰ ৰহমানে এই খবৰ লাভ কৰি কয়, "আজি মই খুবেই আনন্দিত । অসম চৰকাৰে যি পদক্ষেপ লৈছে তাৰ বাবে মই খুবেই আনন্দিত । মই ধুবুৰীৰ কালডোবা হাইস্কুলৰ পৰা চলিত বৰ্ষৰ ৩০ এপ্ৰিলত অৱসৰ লৈছিলোঁ । মই অৱসৰ লোৱাৰ পিছতে অসম চৰকাৰে আৰু এটা ভাল পদক্ষেপ লৈছে । চৰকাৰে মোৰ চাকৰি এবছৰ বৃদ্ধি কৰিলে । ২০২৬ চনৰ পহিলা মে'ৰ পৰা ২০২৭ বৰ্ষৰ ৩০ এপ্ৰিল লৈকে এই এবছৰ মোৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে ।"

লগতে পঢ়ক: বিশ্বকাপ ফুটবলক লৈ উৎকণ্ঠা বৃদ্ধি: সীমিত সুবিধাৰ মাজতো অসমৰ যুৱপ্ৰজন্মই দেখিছে সপোন

১৪ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ জীয়াই জীয়াই পুতিলে মীন বিভাগে