টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীক বহিষ্কাৰ - TAI AHOM YUVA PARISHAD
🎬 Watch Now: Feature Video

Published : May 10, 2026 at 9:40 PM IST
ডিব্ৰুগড় : টাই আহোম জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ জাতীয় সংগঠন হ'ল টাই আহোম যুৱ পৰিষদ। বৰ্তমান কেইবাটাও গোটত বিভক্ত সংগঠনটো । এটা গোটৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে বিজয় ৰাজকোঁৱৰে আৰু আনটো দলৰ দায়িত্বত আছিল দিগন্ত তামুলী । কিন্তু দেওবাৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীক আনুষ্ঠানিকভাৱে দলটোৰ পৰা বহিষ্কাৰ কৰে কেন্দ্ৰীয় নেতৃত্বই ।
টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড় জিলাৰ বৰবৰুৱা ছ্যুকাফা ভৱনত দেওবাৰে অনুষ্ঠিত হৈছিল টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান । এই অনুষ্ঠানতে দলটোৰ নেতৃত্বই সভাপতি দিগন্ত তামুলীক বহিষ্কাৰ কৰাৰ লগতে টাইপাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব ভৃগু হাতীমূৰীয়াক প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত শিৱসাগৰত বিজেপি প্ৰাৰ্থীক মুকলিকৈ সমৰ্থন জনোৱা আৰু বিত্তীয় অনিয়মৰ বাবে দিগন্ত তামুলীক বহিষ্কাৰ কৰাৰ কথা উল্লেখ কৰে সংগঠনটো নেতৃত্বই । এই সন্দৰ্ভত সংগঠনটোৰ মুখ্য উপদেষ্টা দিলীপ গগৈয়ে সংবাদমেল সম্বোধন কৰি কয়, "আমাৰ সংগঠনটোৰ ভিতৰত কিছু আভ্যন্তৰীণ বিষয়ত বিবাদ চলি আছে লগতে কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে নিৰ্বাচনত পোনপটীয়াকৈ এজন প্ৰাৰ্থীক সমৰ্থন জনাইছিল। তেওঁ সংগঠনৰ নীতি-নিয়ম অৱমাননা কৰাৰ লগতে আৰু বহু বিত্তীয় খেলিমেলি সংঘটিত কৰিছে । সেইবাবেই তেওঁক বহিষ্কাৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাত ৷"
লগতে পঢ়ক:উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন, ৫৫খনকৈ বিহুখোলা কঁপালে পাঁচ হাজাৰ ডেকা-গাভৰুৱে