সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বজাৰ প্ৰসাৰিত কৰিবলৈ পেকেজিঙত গুৰুত্ব - PM VISHWAKARMA SCHEME

🎬 Watch Now: Feature Video

thumbnail
কাঁহ শিল্পৰ পেকেজিং সন্দৰ্ভত কৰ্মশালা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 16, 2026 at 9:30 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : সৰ্থেবাৰীত উৎপাদিত কাঁহ শিল্পৰ সামগ্ৰীসমূহৰ চাহিদাৰ লগতে বজাৰ অধিক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে পেকেজিঙত গুৰুত্ব প্ৰদান কৰা হৈছে । কিয়নো উপযুক্ত পেকেজিং অবিহনেই উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ উলিয়াই দিয়াৰ ফলত সেইবোৰে গ্ৰাহকৰ পৰা প্ৰয়োজনীয় সঁহাৰি নোপোৱাৰ  উপৰিও প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

ভাৰত চৰকাৰৰ পিএম বিশ্বকৰ্মা আঁচনিৰ সহযোগত বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, এম এছ এম ই আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেকেজিঙৰ সহযোগত শনিবাৰে বৰপেটা জিলা পুথিভঁৰালত এখন কৰ্মশালা অনুষ্ঠিত হয় । এই কৰ্মশালাত বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ কাঁহ-পিতলৰ সামগ্ৰীৰ দুই শতাধিক শিল্পী আৰু উদ্যোগীয়ে অংশগ্ৰহণ কৰে ।‌ তেওঁলোকক পেকেজিং ব্যৱস্থাৰ গুৰুত্ব, পেকেজিং কিদৰে কৰিব লাগে, পেকেজিঙৰ ফলত হ'বলগীয়া ব্যয় আদিৰ দিশৰ বিষয়ে সমল ব্যক্তিয়ে পৰামৰ্শ তথা প্ৰশিক্ষণ প্ৰদান কৰে ।  

এই সন্দৰ্ভত বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক অৰূপ কুমাৰ ডেকাই কয়,"প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাত বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়া সামগ্ৰীৰ পেকেজিঙৰ ওপৰতো চাহিদা নিৰ্ভৰ কৰে । তদুপৰি পেকেজিং হ'লে সামগ্ৰীবিধৰ সকলো তথ্য পেকেটত উল্লেখ থকাত গ্ৰাহকে সামগ্ৰীবিধৰ বিষয়ে সকলো তথ্য পাবলৈ সক্ষম হয় । কাঁহৰ সামগ্ৰীৰ পেকেজিং হোৱাৰ ফলত সেইবোৰৰ প্ৰকৃততে সৰ্থেবাৰীত উৎপাদিত হয় নে নহয় সেয়াও নিশ্চিত কৰিব পাৰি ।"‌ আনহাতে আজিৰ এই প্ৰশিক্ষণে বজাৰত সৰ্থেবাৰীৰ কাঁহৰ সামগ্ৰীৰ প্ৰসাৰ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে কাঁহ শিল্পী হিমান পাটোৱাৰীয়ে ।  

লগতে পঢ়ক:মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ: গোন্ধ মহোৎসৱত বহৰি সত্ৰত হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন

টোপাতলীৰ বৈশাগু ফৌথাৰত পৰম্পৰাগত খেল-ধেমালি আৰু ব্যঞ্জনৰ জুতি !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details