বানত বিধ্বস্ত শিৱসাগৰত প্ৰায় ১৪০ খন বিদ্যালয়ত স্তব্ধ পাঠদান

🎬 Watch Now: Feature Video

thumbnail
বানত বিধ্বস্ত শিৱসাগৰত প্ৰায় ১৪০ খন বিদ্যালয়ত স্তব্ধ পাঠদান (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 10, 2026 at 10:04 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: বানপানীৰ ফলত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ হৈছে । শিক্ষা বিষয়া সমীৰণ দুৱাৰাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, বাঢ়নী পানী শুকুৱা, সাহায্য শিবিৰ উঠাই লোৱা আৰু চাফ-চিকুণ সম্পূৰ্ণ হোৱা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত সোমবাৰৰ পৰা জিলাখনৰ ৪১৫ খন বিদ্যালয়ত নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছে ।

জিলাখনত বানৰ ফলত মুঠ ৫৫৫খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছিল । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধ ৯ আগষ্টলৈ বৃদ্ধি কৰা হৈছিল । অৱশ্যে এতিয়াও প্ৰায় ১৪০ খন বিদ্যালয়ত পানী শুকুৱা নাই অথবা চাফ-চিকুণ সম্পূৰ্ণ হোৱা নাই বা সাহায্য শিবিৰ হিচাপে ব্যৱহৃত হৈ থকাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই । অহা ৪-৫ দিনৰ ভিতৰত এই বিদ্যালয়সমূহো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে ।

নিৰ্দেশনাত বিদ্যালয়ৰ বানত ক্ষতিগ্ৰস্ত বৈদ্যুতিক তাঁৰ, ছুইচ, চকেট, ফেন, পাম্প আদি ভালদৰে পৰীক্ষা কৰি নিৰাপদ বুলি নিশ্চিত হোৱাৰ পিছতহে ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে । লগতে বিদ্যালয়ৰ পৰিৱেশ অনুপযুক্ত হ’লে শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক: উজনিৰ মহাপ্ৰলয়ত শেষ হ’ল অসমীয়াৰ সুখ, সপোন আৰু ভৱিষ্যৎ, মহাশূন্যতাত জীৱন