ড্ৰাগছ আসক্তৰ বিলৈ ; পিটনিৰ পৰা চোঁচৰাই আনিলে আৰক্ষীয়ে

🎬 Watch Now: Feature Video

thumbnail
যোৰহাটত ড্ৰাগছ আসক্ত যুৱকক আটক (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:27 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট: বৌদ্ধিক আৰু সাংস্কৃতিক নগৰী হিচাপে পৰিচিত যোৰহাটত দিনক দিনে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে । এনে পৰিস্থিতিত আৰক্ষীও কঠোৰ হৈছে । তাৰ মাজতে নগৰৰ মাজমজিয়াত থকা এখন শিক্ষানুষ্ঠানৰ ওচৰতে কেইবাজনো যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত স্থানীয় লোকে হাতে-লোটে ধৰে । ইফালে আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ আসক্ত এজন যুৱকে পিটনিত লুকাবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষীয়েও বোকা-পানী গচকি পিটনিৰ পৰা যুৱকজনক চোঁচৰাই উলিয়াই আনে ।

আৰক্ষীয়ে আটক কৰা যুৱকজন মাজুলীৰ গড়মূৰৰ অভিজিত দাস বুলি জানিব পৰা গৈছে । জানিব পৰা মতে যোৰহাট নগৰত এখন ফল-মূলৰ দোকান আছে যুৱকজনৰ । যুৱকজনে জনোৱা মতে ফাঁচিআলিৰ আন দুজন যুৱকেহে সেই স্থানত ড্ৰাগছ সেৱন কৰি আছিল । যুৱকজনে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰে জড়িত লোকক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :

জিলা আয়ুক্ত হৈ থকাৰ যোগ্যতা মোৰ নাই: নিজৰ যোগ্যতাক লৈ কিয় এনেদৰে ক’লে দেৱাশীষ শৰ্মাই?