প্ৰাত্যাহিক মানৱ সেৱাৰ পৰা আঁতৰি বিহু মাৰিলে চিকিৎসক-স্বাস্থ্যকৰ্মীয়ে - RONGALI BIHU AT LAKHIMPUR
🎬 Watch Now: Feature Video

Published : May 10, 2026 at 8:00 PM IST
লখিমপুৰ: লখিমপুৰৰ স্বাস্থ্য বিভাগে দেখুৱালে বিহু । চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী সকলোৱে এৰিলে হাতৰ চিকিৎসা সঁজুলি । পিন্ধিলে জাতীয় সাজপাৰ । ঢোলৰ চেৱত, টকাৰ খিত খিত শব্দত সকলোৱে বিহু নাচি উদযাপন কৰিলে । এই পৰিৱেশ সৃষ্টি হ'ল জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত । জিলা স্বাস্থ্য বিভাগে আয়োজন কৰা পঞ্চম বাৰ্ষিক ৰঙালী বিহু উপলক্ষে এই পৰিৱেশ দেখা গ'ল । জিলা স্বাস্থ্য বিভাগে প্ৰতিবছৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত ৰঙালী বিহু উদযাপন কৰি আহিছে ।
এইবাৰো পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰঙালী বিহু উদযাপন কৰে । এই উপলক্ষে পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, খণ্ড ভিত্তিত ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতা, পৰম্পৰাগত খেল-ধেমালি, পিঠা-পনা প্ৰতিযোগিতা, প্ৰাচীৰ পত্ৰিকা উন্মোচন, টকা বিহু প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয় । এই সন্দৰ্ভত জিলা প্ৰকল্প বিষয়া দেবাংগ বিকাশ গগৈয়ে কয়, "বিগত বছৰবোৰৰ দৰে এইবছৰো পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিছোঁ । ইতিমধ্যে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে । নিশালৈ সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব ।" কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামী, ডাঃ ভূপেন শইকীয়া, সহকাৰী আয়ুক্ত চাইকি নন্দা কাশ্যপ, ডাঃ বিমান হাজৰিকা, আদিয়ে অংশগ্রহণ কৰে ।