কলগাছিয়াত এখন বাঁহৰ দলঙে দিছে বিধি-পথালি: কাণসাৰ নাই বিধায়ক জাকিৰৰ
🎬 Watch Now: Feature Video

Published : August 21, 2026 at 2:18 PM IST
জনিয়া : কলগাছিয়াৰ লাচাংগাত মৰা বেঁকী নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে ৰাইজক যমৰ যাতনা দিছে । শ শ লোকৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এই দলঙেৰেই যাতায়ত কৰিবলগীয়া হৈছে । জহি-খহি যোৱা এই বাঁহৰ দলংখনত সঘনাই দুৰ্ঘটনাও সংঘটিত হৈছে । যাতায়তৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । সেয়ে শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক দাবী জনাইছে ৰাইজে ।
স্থানীয় এজন লোকে কয়, ‘‘এই বাঁহৰ দলংখনৰ বাবে ইতিমধ্যে কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ ফলত কেবাজনো লোক আহত হৈছে ৷ অহা-যোৱা কৰিবলৈ বিকল্প পথৰ অভাৱৰ বাবেই সকলোৱে এই পথেৰেই অহা-যোৱা কৰিবলৈ বাধ্য হৈ পৰে ৷’’
আন এজন লোকে কয়, ‘‘উপযুক্ত দলং নথকাৰ বাবে অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈ আহিছে ৷ বিয়া-বাৰুৰ ক্ষেত্ৰতো বহু যুৱক-যুৱতীয়ে সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ সেয়ে দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে উক্ত স্থানত শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰক আমি আহ্বান জনাইছো ৷’’