মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি - মাজুলী ব’হাগী উৎসৱ

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত দীক্ষুৰ গীতৰ যাদু (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : April 20, 2026 at 1:19 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী : মাজুলীৰ স্বেচ্ছাসেৱী সংগঠন 'সৃষ্টি: এক সমন্বয়ৰ যাত্ৰা'ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ব’হাগী উৎসৱৰ দেওবাৰে সামৰণি পৰে । উৎসৱৰ অন্তিম নিশা জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ গীতৰ শৰাইৰে সাংস্কৃতিক সন্ধিয়াটো জিলিকি উঠে । শিল্পীগৰাকীৰ সুমধুৰ গীতে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অবিহনে এইবাৰৰ ব’হাগৰ উৎসাহ যেন কিছু ম্লান পৰিছে । প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই ৰাজ্যবাসী শোকস্তব্ধ যদিও পৰম্পৰা ৰক্ষা কৰি সকলোৱে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিছে ।

প্ৰথম দিনা প্ৰায় ৫০০ বিহুৱা-বিহুৱতীৰ বিহু প্ৰদৰ্শনেৰে উৎসৱৰ শুভাৰম্ভ কৰা হৈছিল । সেইদিনা সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় । দ্বিতীয় দিনা দিনৰ ভাগত মিচিং বিহু আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । নিশাৰ সাংস্কৃতিক কাৰ্যসূচী আৰু দীক্ষুৰ সংগীত পৰিৱেশনেৰে এই দুদিনীয়া সমন্বয় যাত্ৰাৰ সামৰণি মৰা হয় ।

লগতে পঢ়ক : পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?

ABOUT THE AUTHOR

With a dedicated team of entertainment reporters in all the state capitals, ETV Bharat brings out the latest trends from fashion and entertainment. ETV Bharat also has a team of specialised experts who exclusively write for the portal. It brings you stories from the silver screen to the mobile screen. It will be your last stop for all your entertainment stories....view details