আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ, আহত জ্যেষ্ঠ অধিবক্তাক চিকিৎসালয়ত ভৰ্তি - ETV BHARAT ASSAM

🎬 Watch Now: Feature Video

thumbnail
আদালতৰ চৌহদতে অধিবক্তাক প্ৰহাৰ আচামীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 6, 2026 at 10:14 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: শনিবাৰে ডিব্ৰুগড়ৰ আদালতৰ চৌহদত এক নোহোৱা-নোপজা ঘটনা সংঘটিত হ'ল । অধিবক্তাক প্ৰহাৰ কৰিলে আচামীয়ে ৷ ঘটনা বিৱৰণি অনুসৰি, ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেশৰীক গামা পাছোৱান নামৰ আচামীয়ে প্ৰহাৰ কৰে ৷ উল্লেখ্য যে আদালতত আচামী গামাৰ হৈ আইনী যুঁজ দিছিল জ্যেষ্ঠ অধিবক্তা কেশৰীয়ে ৷ সেইজন অধিবক্তাকেই গামা পাছোৱান নামৰ আচামীয়ে প্ৰহাৰ কৰে লগতে জ্যেষ্ঠ অধিবক্তা ৰাজেশৰ সহযোগী অধিবক্তাকো আক্ৰমণ কৰে ৷ এই ঘটনাত গুৰুতৰভাবে আহত হয় জ্যেষ্ঠ অধিবক্তাগৰাকী ৷

এই ঘটনাৰ পাছতে আদালতৰ চৌহদত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয় । ইফালে, ভুক্তভোগী অধিবক্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে মূল অভিযুক্ত গামা পাছোৱানসহ দুজনক গ্ৰেপ্তাৰ কৰিছে ৷ কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই ৷

ঘটনাৰ সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ অধিবক্তাই কয়, "ৰাজেশ কেশৰীয়ে নিজৰ আচামীৰ সৈতে কথা পাতি থাকোতে তেওঁক হঠাৎ আক্ৰমণ কৰে । ফলত অধিবক্তগৰাকী আহত হৈছে ৷ অধিবক্তা হিচাপে ইউনিফৰ্মত থকা অৱস্থাত তেওঁক আক্ৰমণ কৰা হৈছে । অধিবক্তাক আক্ৰমণ কৰাটো অতি দুৰ্ভাগ্যজনক ঘটনা ।"

লগত পঢ়ক:ভাৰতৰ ৪৫ শতাংশ চিকাৰী চৰাইৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details