ই-ৰিক্সাত ওলাল নিচাজাতীয় টেবলেট, জালত পৰিল এজন - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : July 1, 2026 at 2:20 PM IST
ধুবুৰী: নিচাযুক্ত সামগ্ৰীৰ ঘাটিলৈ যেন পৰিণত হৈছে ধুবুৰী । মঙলবাৰে নিশা ধুবুৰী আৰক্ষীৰ জালত পৰিল নিষিদ্ধ টেবলেটসহ এজন লোক । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ বিদ্যাপাৰা মোড় এলেকাত অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজন লোকক আটক কৰে । অভিযানত আৰিফ আহমেদ নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে । লোকজনৰ এএছ-১৭ ই আৰ-৮৫২৯ নম্বৰৰ এখন ই-ৰিক্সাত তালাচী চলাই আৰক্ষীয়ে ১৩২টা নিচা জাতীয় পিভিয়ন স্পাছ প্লাছ টেবলেট জব্দ কৰে ।
অভিযুক্তজনে ই-ৰিক্সাখন ব্যৱহাৰ কৰি চহৰৰ বিভিন্ন স্থানত এই নিষিদ্ধ টেবলেট বিক্ৰী কৰি আছিল বুলি সন্দেহ কৰা হৈছে । অভিযানকালত আৰক্ষীয়ে অভিযুক্তজনৰ পৰা নগদ ৭০০ টকা আৰু এটা মোবাইল ফোনো জব্দ কৰে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্তজনক সোধাপোছা অব্যাহত ৰখাৰ লগতে নিষিদ্ধ ঔষধ সৰবৰাহৰ সৈতে জড়িত আন কোনো ব্যক্তি বা চক্ৰ জড়িত আছে নেকি সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।