ভোটগণনাৰ পূৰ্বে গৌৰৱ গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী পাতিলে সাংসদে !

🎬 Watch Now: Feature Video

thumbnail
ভোটগণনাৰ পূৰ্বে গৌৰৱ গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী পাতিলে সাংসদে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 24, 2026 at 7:24 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা : 'গছত কঁঠাল ওঁঠত তেল, নৌখাওঁতে চেল বেল' অৱস্থা বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ ৷ ভোট গণনাৰ পূৰ্বে গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ হ'ব বুলি পুনৰ দাবী কৰিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ৷ ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি উল্লেখ কৰি সাংসদ হুছেইনে কয়, "ভগৱান, আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কৈছো ৰাজ্যত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব ৷"

মুখ্যমন্ত্ৰী শৰ্মাৰ গণনা ভুল হোৱা বুলি উল্লেখ কৰি শুকুৰবাৰে বৰপেটাত সাংসদ হুছেইনে কয়,"হিমন্ত বিশ্ব শৰ্মাৰ মুখখন এতিয়া দেওবাৰ দেওবাৰ যেন লাগে ৷ প্ৰথমতে ১০৬খন আসন পাম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত ৯০খন, পৰৱৰ্তী সময়ত ৮০ খন আসন পাম বুলি কৈছে ৷ উজনি, নামনি, বৰাক, কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ আছে ৰাইজৰ ৷ ধুবুৰী লোকসভাৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ ৯০ শতাংশ আসন কংগ্ৰেছে লাভ কৰিব ৷"

লগতে পঢ়ক:'আপ' এৰিলে ৰাঘৱ চাড্ডাসহ ৭ সাংসদে, শীঘ্ৰে যোগ দিব বিজেপিত