CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত জিলিকিল দেৱীস্মিতা - CBSE 10TH CLASS FINAL EXAM

🎬 Watch Now: Feature Video

thumbnail
দৰিদ্ৰতাক নেওচি CBSE ৰ ফলাফলত জিলিকিল দেৱীস্মিতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 17, 2026 at 7:36 AM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও: সাফল্যৰ পথত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । তাকেই যেন পুনৰ প্ৰমাণ কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰী দেৱীস্মিতা দাসে । সদ্যঘোষিত CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে হাঁহি বিৰিঙাইছে দেৱীস্মিতাৰ পৰিয়ালৰ মুখত । ৬ টা বিষয়ত লেটাৰ মাৰ্কসহ ৯৭ শতাংশ নম্বৰ অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে দেৱীস্মিতাই । মৰিগাঁৱৰ আহঁতগুৰিৰ জিতেন দাস আৰু পদ্মা কান্তি দাসৰ কন্যা দেৱীস্মিতাই অধ্যয়ন কৰিছিল মৰিগাঁওস্থিত পি এম শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ত ।

দেৱীস্মিতা দাসৰ এই অসাধাৰণ ফলাফলৰ আঁৰত আছে এক দীঘলীয়া সংগ্ৰাম আৰু একাগ্ৰতা । অভাৱ-অনাটনৰ মাজতো তেওঁ কেতিয়াও নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল । কঠোৰ পৰিশ্ৰম কৰি দিনৰ পিছত দিন ধৰি কৰা নিয়মিত অধ্যয়নেই তেওঁক আজি এই স্থানত উপনীত কৰাইছে । সীমিত সম্পদৰ সঠিক ব্যৱহাৰ কৰি তেওঁ CBSE-ৰ দৰে কঠিন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ।

লগতে পঢ়ক: সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলৰ গৌৰৱোজ্জ্বল সাফল্য : CBSE ৰ দশম শ্ৰেণীত ১০০ শতাংশ উত্তীৰ্ণ

প্ৰায় ১৫০০ বিহুৱা-নাচনীয়ে পুৰণিগুদামৰ বুকুত ৰচিলে অভিলেখ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details