খোৱাঙত প্ৰকৃতিৰ ৰুদ্ৰৰূপ; গছ পৰি ভাঙিল বহু বাহন, উৰুৱাই নিলে বহু লোকৰ ঘৰৰ টিনপাত - HEAVY STROM HITS DIBRUGARH
🎬 Watch Now: Feature Video

Published : May 17, 2026 at 5:00 PM IST
ডিব্ৰুগড় : বাৰিষাৰ পূৰ্বেই এইবাৰ প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ ! বিশেষকৈ উজনি অসমত সঘনাই হোৱা বৰষুণে সমস্যাত পেলাইছে ৰাইজক । ইয়াৰ মাজতে দেওবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ খোৱাঙত প্ৰকৃতিয়ে ৰুদ্ৰৰূপ লয় । প্ৰচণ্ড ধুমুহাত খোৱাং কটকীপুখুৰীৰ সমীৰণ বুঢ়াগোহাঁই নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত এজোপা প্ৰকাণ্ড গছ পৰাৰ ফলত তিনিখন বাহন ক্ষতিগ্ৰস্ত হয় ।
এই ধুমুহাত খোৱাং হালধিবাৰীৰ আহোম গাঁৱত উষা গগৈ নামৰ মহিলাগৰাকীয়ে পালন কৰা এখন কুকুৰা-হাঁহৰ ফাৰ্ম ভাগি পৰে ৷ ফলত তেওঁৰ দুই লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয় । বৃহত্তৰ খোৱাং অঞ্চলত ধুমুহাৰ তাণ্ডৱত বহু লোকৰ ঘৰৰ টিনপাত আদি উৰুৱাই নিয়াৰ লগতে বহু মূল্যৱান গছ উভালি পৰে । এই ধুমুহাত খোৱাং হালধিবাৰী, বোকাহোলা, বাঁহনি পথাৰ, চমুৱা গাঁও আদি অঞ্চলৰ বৃহৎ ক্ষতিগ্ৰস্ত হয় ।
অতি কষ্টৰে গঢ় দিয়া কুকুৰা-হাঁহৰ ফাৰ্মখন ধুমুহাই ক্ষতিসাধন কৰা পাছতেই উষা গগৈয়ে কয়, "ফাৰ্ম ঘৰটো সম্পূৰ্ণকৈ ভাগি পৰাত কেইবাটাও হাঁহ কুকুৰা মৰিছে, বহু আঘাতপ্ৰাপ্ত হৈছে । আত্মসহায়ক গোটৰ পৰা লোণ লৈ মই এই কামটো কৰিছিলো । এই ধুমুহাৰ ফলত প্ৰায় দুই লাখ টকা মূল্যৰ সম্পত্তি নষ্ট হৈছে ।’’