আমি দহ বছৰ পিছুৱাই গ'লো ! জাঁজী নদীৰ ছিগা মথাউৰিত বানাক্ৰান্তৰ বিননি - FLOOD IN ASSAM
🎬 Watch Now: Feature Video

Published : July 22, 2026 at 1:52 PM IST
টীয়ক: টীয়কত বানৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পালেও পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই । বহু বানাক্ৰান্তই বৰ্তমানেও মথাউৰিৰ ওপৰত আৰু অস্থায়ী আশ্ৰয়স্থলীত দিন কটাবলৈ বাধ্য হৈছে ।
ইফালে, বনাই ধনতুলা অঞ্চলত জাঁজী নদীৰ মথাউৰিৰ ছিগা অংশ এতিয়াও উদ্বেগৰ কাৰণ হৈ আছে । বানৰ সময়ত এই ছিগা অংশৰে জাঁজী নদীৰ পানীয়ে নৈপৰীয়া ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিলে । কৃষিভূমি, পশুধন, ঘৰুৱা আচবাব,সা-সামগ্ৰী সকলো ইতিমধ্যে বাঢ়নী পানীত জাহ গৈছে ।
স্থানীয় ৰাইজে অভিযোগ মতে, জলসম্পদ বিভাগ তথা ঠিকাদাৰৰ অমনোযোগিতাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়ে চৰকাৰী দীৰ্ঘম্যাদী আঁচনিৰে আধুনিক প্ৰযুক্তিৰে এই সম্পূৰ্ণ মথাউৰিটো অতি সোনকালে মেৰামতি কৰি ৰাইজৰ জনজীৱন সুস্থিৰ কৰিবলৈ আহ্বান জনাইছে । অৱশ্যে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা খাদ্যসামগ্ৰীৰ যোগান ধৰা হৈছে যদিও এয়া বৰ্তমান পৰ্যাপ্ত হোৱা নাই ।
এজন ভুক্তভোগীয়ে কয়, "পৰহি নিশা পানী বাঢ়িছিল । আমি জলসম্পদ বিভাগৰ লগত মথাউৰিৰ ওপৰত বস্তা দিছিলো; কিন্তু বস্তা পৰ্যাপ্ত পৰিমাণৰ নাছিল বাবে আজি আমাৰ এই অৱস্থা । আমাৰ ঘৰ-দুৱাৰ, পথাৰ, গৰু-ছাগলী চব গ'ল । খাবলৈও একো নাই । কালি অৱশ্যে চৰকাৰী সাহাৰ্যৰ খাদ্য পাইছো । আমি দহ বছৰ পিছুৱাই গ'লো । চৰকাৰে আমাক চাওক,অলপ সহায় কৰক, এয়াই আমাৰ আহ্বান ।"
লগতে পঢ়ক:লেকু নদীৰ তীব্র খহনীয়াই পবা বনাঞ্চললৈ কঢ়িয়াইছে ভাবুকি
উজনি অসমৰ ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ বাবে লাগিব কমেও ১৫ দিন
শিৱসাগৰ-যোৰহাটত বানৰ বিভীষিকা, বান পৰিস্থিতিৰে মুখামুখি হ'বলৈ সাজু বৰপেটা জিলা প্ৰশাসন