কেনেকৈ মৃত্যু হ'ল প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ ! - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
কেনেকৈ মৃত্যু হ'ল প্ৰাক্তন অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 28, 2026 at 9:00 AM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও: শনিবাৰে বিয়লি বঙাইগাঁৱত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতি । ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী অৱসৰপ্ৰাপ্ত এছএছবি জোৱানৰ মৃতদেহ । চহৰখনৰ ১৫ নং ৱাৰ্ডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ । এটা দ' খাৱৈত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা এছএছবি জোৱানজনক বিষ্ণু কুমাৰ ৰাম বুলি চিনাক্ত কৰা হয় ।  

প্ৰথমতে স্থানীয় ৰাইজে পানীত ভাঁহি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ বিষ্ণু কুমাৰ ৰাম প্রাক্তন এছএছবি জোৱান আছিল ৷ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । এয়া হত্যা নে দুৰ্ঘটনা সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ 

লগতে পঢ়ক: প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details