মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এম)ৰ প্ৰতিবাদ - ETV BHARAT ASSAM

🎬 Watch Now: Feature Video

thumbnail
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এম)ৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 12, 2026 at 8:56 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া: পে'ট্ৰল-ডিজেল, ৰন্ধন গেছৰ দাম বৃদ্ধিৰ বিৰোধিতাৰে শুকুৰবাৰে তিনিচুকীয়াত চিপিআই(এম)ৰ সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ ৷ 'মূল্যবৃদ্ধি ৰোধ কৰক' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচন শেষ হোৱাৰ লগে লগেই সকলো প্রয়োজনীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷

প্ৰতিবাদকাৰীসকলে কয়,"চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ লগতে ইয়াৰ কৃত্ৰিম নাটনিয়ে ৰাইজক জ্বলাকলা খুৱাইছে । চিলিণ্ডাৰ বিচাৰি ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে ৷ ইফালে চিলিণ্ডাৰ ক'লা বজাৰত চৰা দামত বিক্ৰী হৈ আছে । ইয়াৰ পিছতো চৰকাৰ নীৰৱ দৰ্শক হৈ আছে ৷ খাদ্য সামগ্ৰীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ ওপৰত সম্পদ কৰ আৰোপ কৰা, বিদেশনীতি আৰু কৰ্প'ৰেটৰ স্বাৰ্থবাহী আর্থিক নীতি পৰিহাৰ কৰিব লাগিব চৰকাৰে ৷"

লগতে পঢ়ক:আধুনিক চিন্তাৰে ভাৰতক নতুন দিগন্ত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে: সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details