জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন

🎬 Watch Now: Feature Video

thumbnail
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 7, 2026 at 5:21 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও : শুকুৰবাৰে জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষ অভিনন্দনৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । উল্লেখ্য যে, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নিম্নতম ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা জালুগুটি অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায় জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই ৷

অনুষ্ঠান উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয়, "শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ মূল আধাৰ । ছাত্ৰ-ছাত্ৰীসকলেই দেশ আৰু জাতিৰ ভৱিষ্যৎ । আজিৰ এই সফলতাই তেওঁলোকৰ ভৱিষ্যৎ যাত্ৰাৰ আৰম্ভণিহে, সেয়েহে সকলো প্ৰত্যাহ্বান নেওচি শৃংখলাবদ্ধভাবে আগুৱাই যাব লাগিব ।"

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ লগতে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ ৷

লগতে পঢ়ক: অসমৰ বানৰ শেহতীয়া তথ্য়: ৯৭ জনৰ মৃত্যু, ক্ষতিগ্ৰস্ত ১১,৮৪,৯৪৪ জন