নামঘৰৰ আশীৰ্বাদ শিৰত লৈ একেলগে ৫ দম্পতীৰ বিবাহ সম্পন্ন - COMMUNITY MARRIAGE CEREMONY

🎬 Watch Now: Feature Video

thumbnail
একেলগে ৫ দম্পতীৰ বিবাহ সম্পন্ন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 14, 2026 at 5:10 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ : সৰুপথাৰ সমজিলাৰ ১নং প্ৰেমহৰাৰ শালিকীপৰীয়া বৰনামঘৰৰ প্ৰাংগনত এক উখল-মাখল পৰিৱেশ ৷ কিয়নো একেলগে পাঁচযোৰ দৰা-কইনাই বিয়াত বহিছে  ৷ বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠান নিশাৰ ভাগত শাস্ত্ৰীয় নিয়ম অনুসৰি, হোম-যজ্ঞ আৰু নাম-কীৰ্তনেৰে সম্পন্ন হয় ৷

উল্লেখ্য যে, শালিকীপৰীয়া বৰনামঘৰত এনে ধৰণৰ সামূহিক বা ৰাজহুৱা বিবাহ এয়াই প্ৰথম নহয় । বৰ্তমানৰ ব্যয়বহুল বিবাহৰ সংস্কৃতিৰ বিপৰীতে নামঘৰৰ প্ৰাংগনত এনেদৰে বিবাহ সম্পন্ন কৰা কাৰ্যই সমাজলৈ এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিছে ।

স্থানীয় এগৰাকী মহিলাই কয়, "নামঘৰৰ আশীৰ্বাদ শিৰত লৈ জীৱন আৰম্ভ কৰাটো এক পৰম সৌভাগ্যৰ কথা । ইয়াৰ দ্বাৰা সামাজিক বান্ধোন শক্তিশালী হোৱাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহেও বহুখিনি সকাহ পায় ।"

আন এজন স্থানীয় লোকে কয়, " আমাৰ এই ১ নং প্ৰেমহৰাৰ নামঘৰত পাঁচজোৰা দম্পতীৰ গন্ধৰ্ব বিবাহ অনুষ্ঠিত হয় । পুৱাৰ ভাগতে বিধিৰ কৰ্ম অন্তৰ পাছত বৰ হোম যজ্ঞ অনুষ্ঠিত হয় । সকলোৱে সহযোগ কৰি আমাৰ এই অনুষ্ঠানভাগ আজি কৰা হৈছে ।’’

লগতে পঢ়ক : ৬ ঘণ্টাজোৰা নৌকা যাত্ৰাৰে কইনাক আনিবলৈ ওলাল বৰযাত্ৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details