সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংবাদমেল LIVE - MP GAURAV GOGOI PAKISTAN LINK
🎬 Watch Now: Feature Video

Published : February 8, 2026 at 10:47 AM IST
|Updated : February 8, 2026 at 1:12 PM IST
দীৰ্ঘদিনীয়া বিতৰ্ক আৰু উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত দেওবাৰে আয়োজন কৰা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বহু প্ৰতিক্ষিত বিশেষ সংবাদমেলখন ৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা হৈছে এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সংবাদমেলখন ৷ মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি সংবাদমেলখন আয়োজন কৰা হৈছে ৷ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এছ আই টিয়ে কৰা তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত কেবিনেটত আলোচনা কৰি অৱশেষত দেওবাৰে ৰাজহুৱা কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সম্বোধন কৰিছে এই বিশেষ সংবাদমেল ৷ শনিবাৰে নিশা কেবিনেটত এছ আই টিৰ প্ৰতিবেদন পৰৱৰ্তী পৰ্যায়ৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেন্দ্ৰীয় এজেন্সীৰ দ্বাৰা তদন্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ক প্ৰতিবেদন হস্তান্তৰ কৰা হ'ব ৷ আনহাতে কেবিনেট বৈঠকতে এছ আই টিৰ প্ৰতিবেদনৰ গোপনীয়তাক বাদ বাকী তথ্য সাংবাদমেলযোগে ৰাজহুৱা কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হয় ৷ সেই অনুসৰি সংবাদমেলৰ আয়োজন কৰা হৈছে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত কেবিনেটে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভিযোগৰ ঘটনাৰাজি সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এছ আই টিয়ে তদন্ত আৰম্ভ কৰিছিল ৷ অভিযোগ অনুসৰি পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ সংস্পৰ্শত আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰ ৷ সেই গোচৰৰ ভিত্তিতে গঠন কৰা এছ আই টিয়ে সমস্ত ঘটনাৰ তদন্ত কৰি তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্রীক দাখিল কৰিছিল ৷ তদন্তৰ প্ৰতিবেদন ছেপ্টেম্বৰ মাহতে ৰাজহুৱা কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্রীয়ে সংবাদমেল দিয়াৰ পৰা বিভিন্ন কাৰণত বিৰত আছিল ৷ অৱশেষত এছ আই টিৰ প্ৰতিবেদনৰ আধাৰত দেওবাৰে এই বিশেষ সংবাদমেলৰ আয়োজন কৰা হৈছে ৷ দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্রী সংবাদমেল লাইভ......