ফটো উঠিবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন নৱম শ্ৰেণীৰ কিশোৰ - STUDENT GOES MISSING IN BRAHMAPUTRA
🎬 Watch Now: Feature Video

Published : May 31, 2026 at 5:52 PM IST
গুৱাহাটী : গুৱাহাটীৰ চন্দ্ৰপুৰত অঘটন । দেওবাৰে চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰত নুনমাটি হিন্দী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সুমিত সাহ নামৰ এটি কিশোৰ নিখোজ হোৱা বুলি জানিব পৰা গৈছে ৷ সন্ধানহীন কিশোৰটিৰ ঘৰ নুনমাটিৰ ভাৰত পেট্ৰ’লিয়াম ডিপোৰ ওচৰত বিষ্ণু ৰাভা পথত বুলি জানিব পৰা গৈছে । তিনি বন্ধুৰ সৈতে দেওবাৰে চন্দ্ৰপুৰলৈ ফুৰিবলৈ বুলি গৈছিল সুমিত ৷ হাজংবড়িৰ ব্ৰহ্মপুত্ৰত পাৰত ফটো উঠিব লওঁতেই পিছলি ব্ৰহ্মপুত্ৰৰ বুকুত পৰি নিখোজে হয় কিশোৰজন ।
সেই সময়ছোৱাত উক্ত স্থানত উপস্থিত থকা এগৰাকী মহিলাই সুমিতক উদ্ধাৰ কৰিব চেষ্টা কৰিছিল যদিও বিফল হয় । ইফালে এই ঘটনা বিষয়ে জানিব পাৰি ঘটনাস্থলিত উপস্থিত হয় প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক ৷ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে কিশোৰটিৰ কোনো সন্ধান পোৱা নাই ।
সুমিত সাহৰ পিতৃয়ে কয়, ‘‘সি ঘৰৰ পৰা পুৱা একো নোখোৱাকৈয়ে লগৰ লগৰীয়াৰ লগত ওলাই আহিছিল ৷ কিয় বা ক’লৈ যাবলৈ আহিছিল সেয়া নাজানো, ঘৰত নোকোৱাকৈয়ে ওলাই আহিছিল ৷’’
এগৰাকী মহিলাই কয়, ‘‘আমি তিনিজন ল’ৰা অহা দেখিছিলো ৷ পিছত এজনে ভৰি ধুব নে ফটো ফঠিবলৈ নদীৰ কাষলৈ গৈছিল, সেয়া নেদেখিলো ৷ পাছত পানী ডুব যোৱা দেখি মই নিজে নামী উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো ৷ তিনিজন ল’ৰা আছিল, বৰ্তমান এজন আছে, আনজনে ভয়তে এই ঠাইৰ পৰা পলাই গৈছে ৷’’
লগতে পঢ়ক :ডিমৰীয়াত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন লগতে পঢ়ক : গংগাত অঘটন: দুজনৰ মৃত্য়ু, সন্ধানহীন বহুজন |