চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক - JONAI NEWS
🎬 Watch Now: Feature Video

Published : April 26, 2026 at 7:48 PM IST
জোনাই : জোনাইত অঘটন । বিদ্যুতৰ খুঁটা ভাঙি পৰাত এটি শিশু আহত হয় ৷ ঘটনাটোত দুবছৰীয়া চিৰু পেগু নামৰ শিশুটো আহত হয় ৷ ঘটনা অনুসৰি, শনিবাৰে হোৱা বিধ্বংসী ধুমুহাৰ ফলত জোনাইৰ লিচাং গাঁৱত এটা পকী বিদ্যুতৰ খুঁটা হাউলি আছিল ৷ এই বিষয়ে স্থানীয় ৰাইজে জোনাই বিদ্যুৎ বিভাগক অৱগত কৰি খুঁটাটো শীঘ্ৰে মেৰামতি কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
ফলস্বৰূপে দেওবাৰে দুপৰীয়া ধুমুহাত ক্ষতিগ্ৰস্ত বিদ্যুতৰ খুঁটাটো হঠাৎ ভাঙি পৰে । খুঁটাটো ভাঙি পৰাত শচীন পেগুৰ ঘৰৰ চোতালত থকা আন এটা লোহাৰ বিদ্যুতৰ খুঁটাও ভাঙি পৰে ৷ ফলত চোতালতে খেলি থকা শচীন পেগুৰ পুত্ৰ চিৰু পেগু নামৰ শিশুটো আঘাতপ্ৰাপ্ত হয়। জোনাই বিদ্যুৎ বিভাগৰ গাফলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ আহত শিশুটোক সংকটজনক অৱস্থাত ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:ধুবুৰীৰ এক প্ৰাচীন শিৱ মন্দিৰ, য'ত আছে বহু ইতিহাস বিজৰিত কাহিনী