ধুবুৰীত আৰম্ভ হৈছে লোকপিয়লৰ প্ৰশিক্ষণ - CENSUS 2027
🎬 Watch Now: Feature Video

Published : May 29, 2026 at 3:50 PM IST
ধুবুৰী: লোকপিয়ল সঞ্চালকৰ কাৰ্যালয়ৰ উপ-মহাপঞ্জীয়ক ভাৰতী চন্দাৰ নেতৃত্বত ধুবুৰীত আৰম্ভ হৈছে লোকপিয়লৰ প্ৰশিক্ষণ । ২৭ মে' ৰ পৰা আৰম্ভ হোৱা এই লোকপিয়লৰ প্ৰশিক্ষণ শুকুৰবাৰেও চলি থকাৰ বিপৰীতে শনিবাৰে অন্ত পৰিব । গুৱাহাটীৰ আমিনগাঁওস্থিত লোকপিয়ল সঞ্চালকৰ কাৰ্যালয়ৰ উপ-মহাপঞ্জীয়ক ভাৰতী চন্দাৰ নেতৃত্বত দুজনীয়া এটি দলে ধুবুৰী আৱৰ্ত ভৱনত প্ৰদান কৰিছে লোকপিয়লৰ প্ৰশিক্ষণ ।
ধুবুৰী জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰশিক্ষণত । এই প্ৰশিক্ষণত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কামখিনি কেনেকৈ কৰা হ'ব তাৰ ওপৰত আলোচনা কৰা হয় । বৰ্তমানৰ লোকপিয়ল-২০২৭ বহু গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে । এই লোকপিয়ল পোন প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত কৰা হ'ব । লোকপিয়লৰ প্ৰথম পৰ্যায় ১৭ আগষ্টত পৰা ৩০ আগষ্টলৈকে চলিব । এই সময়চোৱাত ৰাইজৰ থকা-খোৱা, স্বাস্থ্যকে আদি কৰি বিভিন্ন তথ্যৰ সংগ্ৰহ কৰা হ'ব ।
দ্বিতীয় পৰ্যায়ৰ ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে অঞ্চলভিত্তিত জন গণনা কৰা হ'ব । ধুবুৰী জিলাৰ ৮ টা ৰাজহ চক্ৰ আৰু ৬ টা পৌৰসভা এলেকাত এই লোকপিয়লৰ কাম সম্পূৰ্ণ কৰাৰ বাবে জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলাইছে ।