জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন - BHIMRAO RAMJI AMBEDKAR
🎬 Watch Now: Feature Video

Published : April 14, 2026 at 7:42 PM IST
জোনাই : ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইত ভাৰতীয় সংবিধানৰ জনক ভীমৰাও ৰামজী আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী মঙলবাৰে উদযাপন কৰা হয় ৷ বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ আৰু সংযুক্ত বড়ো গণ মঞ্চৰ যৌথ উদ্যোগত মঙলবাৰে সানজাৰি নৌগৰ বিবাৰী এল পি স্কুল খেলপথাৰত ভাৰত ৰত্ন ডঃ ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ।
ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ লগতে বিভিন্নজনে । ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, "বিশিষ্ট অইনজ্ঞ, ইতিহাসবিদ, দাৰ্শনিক, লেখক ডঃ ভীমৰাও ৰামজী আম্বেদকাৰ এগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল ৷ তেওঁৰ নেতৃত্বত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধান ৰচনা হৈছিল ৷ তেওঁৰ কাৰণে সমাজৰ ভিন্ন স্তৰৰ লোকে সাংবিধানিক ৰক্ষাকৱচ লাভ কৰিছে ৷"
লগতে পঢ়ক: জোনাই বিবাৰীত উলহ-মালহেৰে ৰংজালি বৈশাগু আদৰণী উৎসৱ উদযাপন