শ্ৰীভূমিত উদযাপন 'বন্দে মাতৰম'ৰ ১৫০ বৰ্ষপূর্তি - 150 YEARS OF VANDE MATARAM
🎬 Watch Now: Feature Video

Published : November 7, 2025 at 7:55 PM IST
শ্ৰীভূমি: শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হয় 'বন্দে মাতৰম'ৰ ডেৰশ বছৰ পূৰ্তি অনুষ্ঠান । নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত পুৱা ৯.৩০ বজাত 'বন্দে মাতৰম' গীতটোৰ ডেৰশ বছৰীয়া জয়ন্তী বছৰজোৰা উদযাপনৰ শুভাৰম্ভণি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । এই উপলক্ষে তেওঁ এটি স্মাৰক ডাকটিকট আৰু মুদ্রাও মুকলি কৰে ।
এই উপলক্ষে দেশৰ অন্যান্য প্রান্তৰ লগতে অসম তথা শ্রীভূমি জিলাতো বিভিন্ন কার্যসূচী আয়োজন কৰা হয় । জিলা প্রশাসনৰ উদ্যোগত জিলা আয়ুক্ত কার্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পাল ।
অনুষ্ঠানত জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদী, জিলা বিজেপি সভাপতি সঞ্জীৱ বণিক, প্রাক্তন সভাপতি সুব্রত ভট্টাচার্যসহ অন্যান্যসকলৰ উপস্থিতিত প্রধানমন্ত্রীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ কৰা হয় । লগতে সকলোৱে সমস্বৰে বন্দে মাতৰম গীতটি পৰিবেশন কৰে । লগতে নিদৰ বক্তব্যত বন্দে মাতৰম গীতটো প্ৰসংগত বিভিন্ন বিষয় দাঙি ধৰে মন্ত্রী কৃষ্ণেন্দু পালে ।