কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 16, 2026 at 3:58 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: ৰাজ্যত এতিয়াও অবাধে চলি আছে বাৰ্মিজ চুপাৰিৰ অবাধ বেহা । সম্প্ৰতি বাৰ্মিজ চুপাৰি সৰবৰাহৰ বাবে সৰবৰাহকাৰীয়ে বাচি লৈছে নৈশ বাছ । দেওবাৰে নিশা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এখন যাত্ৰীবাহী নৈশ বাছৰ পৰা জব্দ কৰে বস্তাই বস্তাই বাৰ্মিজ চুপাৰি । গৰাকীবিহীন বাৰ্মিজ চুপাৰিখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে নৈশ বাছখনৰ চালক-হেন্দিমেনসহ তিনিজনক । লগতে আৰক্ষীয়ে জব্দ কৰে এএছ-০১-এছচি-৮০৯৪ নম্বৰৰ বাছখন ।  

চালক, হেণ্ডিমেনক আৰক্ষীয়ে সোধা-পোছাৰ অন্তত বাৰ্মিজ চুপাৰিৰ কোনো গৰাকীৰ সন্ধান নোলোৱাত তিনিওজনকে প্ৰেৰণ কৰে জে'ল হাজোতলৈ । এই সন্দৰ্ভত আটকাধীন চালকজনে কয়,"গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী নৈশ বাছখনত দেওবাৰে নিশা তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ বুলি আমনিত এজন লোকে কেঁচা পাচলি বুলি কৈ ১৯ টা বস্তা নৈশ বাছত উঠাই দিছিল । উঠাই দিয়া মানুহজনক চিনি নাপাওঁ । পাচলিখিনিৰ গৰাকীৰ ফোন নম্বৰ আছে ।" এতিয়া চুপাৰিৰ গৰাকীৰ সন্ধান উলিয়ালেহে বাছখনৰ চালক-হেণ্ডিমেনৰ ভাষ্যৰ সত্যতা পোহৰলৈ আহিব ।

লগতে পঢ়ক: পাঁচটাকৈ ব্লকৰ সখীৰ উপস্থিতিত জিলা পৰ্যায়ৰ সন্মিলন

বোকাখাতত ৰাইন’ চিনেমাছ: জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি অৰুণ হাজৰিকাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details