চোৰৰ টাৰ্গেট এইবাৰ বিজেপি কাৰ্যালয়ৰ ইনভাৰ্টাৰৰ বেটাৰী... ! - SOUTH SALMARA MANKACHAR BJP
🎬 Watch Now: Feature Video

Published : May 11, 2026 at 7:50 PM IST
দক্ষিণ শালমাৰা মানকাচৰ: মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এনডিএ চৰকাৰৰ শপতগ্ৰহণৰ অনুষ্ঠান ৷ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰীসহ বহু মন্ত্ৰী, ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতিৰ সমাগম হ'ব গুৱাহাটীত ৷ যাৰ বাবে আৰক্ষী প্ৰশাসনে পানী নসৰকা ব্যৱস্থা গঢ়ি তুলিছে গুৱাহাটী ৷ তাৰ মাজতো এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিল বিজেপি কাৰ্যালয় ৷
আঢ্যৱন্ত, এটিএম, বেংক বা দোকানত নহয় অথবা সোণ-ৰূপ, টকাৰ পৰিৱৰ্তে এইবাৰ চোৰৰ টাৰ্গেট বিজেপিৰ কাৰ্যালয়ৰ ইনভাৰ্টাৰৰ বেটাৰী ৷ দেওবাৰে নিশা হাটশিঙিমাৰীত অৱস্থিত জিলা বিজেপি কাৰ্যালয়ত চোৰৰ প্ৰৱেশ ঘটিল আৰু বিজেপিৰ কাৰ্যালয়ৰ ইনভাৰ্টাৰৰ বেটাৰী লৈ চোৰ হ'ল উধাও ৷
ঘটনাৰ সন্দৰ্ভত কাৰ্যালয়টোৰ সম্পাদক জলিল শেখে কয়,"নিশা চোৰে বিজেপি কাৰ্যালয়ৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি, ইনভাৰ্টাৰৰ বেটাৰী চুৰি কৰি লৈ যায় । এই সন্দৰ্ভত খাৰুৱা বান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে ৷"
লগতে পঢ়ক:অসমত নিম্নগামী অপৰাধ: এনচিআৰবিৰ প্ৰতিবেদনে কি কয় ?