বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ - নিউ জলপাইগুৰি

🎬 Watch Now: Feature Video

thumbnail
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 6, 2026 at 8:46 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া : পশ্চিমবংগত অসমৰ জোৱানৰ কৰুণ মৃত্যু । নিউ জলপাইগুৰিত কৰ্মৰত অৱস্থাতে বজ্ৰ পৰি মৃত্যুক আঁকোৱালি লয় তিনিচুকীয়াৰ জোৱান মহম্মদ টায়াৱ হুছেইনে । বিএএছএফ জোৱানগৰাকীৰ নশ্বৰদেহ বাসগৃহত আহি পোৱাৰ পিছতে অঞ্চলটোৰ শ শ লোক ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৯৯৯ চনৰ ১২ নৱেম্বৰত তিনিচুকীয়াৰ হিজুগুৰিত জন্মগ্ৰহণ কৰা মহম্মদ টায়াৱ হুছেইনে ৩ বছৰ পূৰ্বে বিএছএফত যোগদান কৰিছিল ।

বাহিনীটোৰ ১৩০ নং বেটেলিয়নৰ জোৱান আছিল মহম্মদ টায়াৱ হুছেইন । তেওঁৰ আত্মীয়ই জনোৱা মতে যোৱা মাহত এমাহৰ ছুটীত ঘৰলৈ আহিছিল আৰু ১ জুনত পুনৰ কৰ্মস্থলীলৈ উভতি গৈছিল । বিএছএফৰ এগৰাকী বিষয়াই কয়, "তেওঁৰ ওপৰতে বজ্ৰ পৰিছিল । ১২ বজাৰ পৰা ৬ বজালৈ ডিউটি আছিল । চাইকেল লৈ গৈছিল আৰু তেতিয়াই এই ঘটনাটো হয় ।"

শনিবাৰে জোৱানগৰাকীৰ মৃতদেহ হিজুগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে পৰিয়াল তথা স্থানীয় লোকসকলৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰে । সকলোৱে জোৱানগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক :

অচিন ৰোগত আক্ৰান্ত পশুধন: টোপোলা বান্ধি আই সকাম পাতিবলৈ পৰামৰ্শ পশু চিকিৎসকৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details