দেৰগাঁও সমষ্টিত প্ৰায় 36953টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী ড৹ মৃদুল কুমাৰ দত্ত - ASSEMBLY ELECTION RESULTS 2026
🎬 Watch Now: Feature Video

Published : May 5, 2026 at 11:14 AM IST
গোলাঘাট : বহু প্ৰত্যাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল । দেৰগাঁও সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ড৹ মৃদুল কুমাৰ দত্তই প্ৰায় 36953 টা ভোটত বিৰোধী মিত্ৰজোঁট কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাগৰিকা বৰাক পৰাস্ত কৰি বিজয়ী হ’বলৈ সক্ষম হয় । জয়ৰ পাছতে গোলাঘাটৰ পৰা ফলাফল লৈ দেৰগাঁৱলৈ উভটি অহাৰ পথত এক বৃহৎ ৰেলী কৰি সমৰ্থকসকলে মৃদুল কুমাৰ দত্তক আদৰণি জনায় ।
ড৹ মৃদুল কুমাৰ দত্তই কয়, ‘‘দেৰগাঁওবাসী ৰাইজৰ আৰ্শীবাদৰ বাবেই মই জয়ী হৈছো । দেৰগাঁও সমষ্টিত চাৰিটা পঞ্চায়তৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ চেষ্টা কৰিম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ শেষৰ সভাত দেৰগাঁও সমষ্টিৰ বাবে ২১০ কোটি টকা ঘোষণা কৰিছিল, সেই ধনৰ 70 শতাংশ পথ নিৰ্মাণ কৰা হ'ব । মোৰ বাবে এক প্ৰাপ্তি সুদীৰ্ঘ 33 বছৰ এই দলত সেৱা আগবঢ়াই আহিছিলো আৰু ভাৰতীয় জনতা পাৰ্টীৰ শিৰ্ষ নেতৃত্বই আমাক এই সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বিজেপি দলৰ বিধায়ক, ৰাজেশ্বৰ সিংহৰ দিনত প্ৰতিষ্ঠা কৰা নেঘেৰিটিং শিৱদৌল উন্নয়নৰ বাবে মই চিন্তা কৰিম । দেৰগাঁও সমষ্টিৰ বহু সমস্যা আছে সেই সমস্যাৰ সমাধান বাবে চেষ্টা কৰিম ।’’