সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক, আৰক্ষীৰ জালত তিনি হত্যাকাৰী - BARPETA POLICE

🎬 Watch Now: Feature Video

thumbnail
সুৰামত্ত তিনি বন্ধুৱে হত্যা কৰিলে বন্ধুক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 16, 2026 at 8:15 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা: দেওবাৰে নিশা বৰপেটা চহৰৰ গায়নহাটী অঞ্চলত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ গায়নহাটীৰ নিবাসী বিপুল গায়ন নামৰ যুৱকজনক দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছিল ৷ সেই ঘটনাৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হ'ল বৰপেটা আৰক্ষী ৷ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ জালত পৰিছে বিপুল গায়নৰ হত্যকাৰী সমীৰণ গায়ন, গণেন দাস আৰু জিতুল ভূঞা নামৰ অপৰাধী কেইটাক ৷ এই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলত বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয়,"সুৰাপানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল ৷"

তেওঁ লগতে কয়,"অভিযুক্ত তিনিজনে সমীৰণ গায়নৰ ঘৰত একেলগে সুৰাপান কৰিছিল ৷ তাৰ পিছত সমীৰণ গায়নৰ ঘৰৰ সন্মুখত বিপুল গায়নৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় চাৰি বন্ধুৰ মাজত ৷ তাৰ পিছত তিনিজনে বন্ধুৱে কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰি বিপুল গায়নক হত্যা কৰে ।"

লগতে পঢ়ক:মুকুটৰ মৃত্যুৰ পাছতে উত্তেজিত ৰাইজ, গংগাবাৰীত উত্তেজনা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details