স্বচ্ছ আৰু প্লাষ্টিক মুক্ত চৌহদ নিৰ্মাণত সফল বৰপেটাৰ পিএমশ্ৰী ১১২২ নং নাৰ্ছাৰী কাম প্ৰাথমিক বিদ্যালয় - CLEAN AND PLASTIC FREE CAMPUS
🎬 Watch Now: Feature Video

Published : May 14, 2026 at 4:37 PM IST
বৰপেটা : স্বচ্ছ ভাৰত অভিযান, দ্বিতীয়ৰ অধীনত স্বচ্চতা ৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি, স্বাস্থ্যৰক্ষাৰ প্ৰতি মানুহ সজাগ কৰা আদি ক্ষেত্ৰত বৰপেটাৰ পিএমশ্ৰী ১১২২ নং নাৰ্ছাৰী কাম প্ৰাথমিক বিদ্যালয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ স্বচ্ছ ভাৰত অভিযান দ্বিতীয়ৰ অধীনত প্ৰশংসিত হোৱা শিক্ষানুষ্ঠানখনত সম্প্ৰতি ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ইয়াৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক স্বচ্ছতা ৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ শিক্ষানুষ্ঠানৰ চৌহদ প্লাষ্টিক মুক্ত কৰা হৈছে ৷
ইয়াৰ বাবে অভিভাৱকসকলকো সজাগ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষ সফল হৈছে । বিদ্যালয়খনৰ লগত জড়িত সকলোৱে নিয়মীয়াকৈ চৌহদ পৰিষ্কাৰ কৰাৰ দায়িত্ব পালন কৰি আহিছে । আকৌ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা পাচলিৰ বাকলি অতি সহজ পদ্ধতিৰে পচন সাৰলৈ পৰিণত কৰি সেই সাৰ বিদ্যালয়ৰ বাগিচাত ব্যৱহাৰ কৰা হয় ।
ইয়াৰ সমান্তৰালকৈ হাত ধোৱা ব্যৱস্থা, অনাময় ব্যৱস্থা, ডাষ্টবিনৰ ব্যৱহাৰ আদিও স্বাস্থ্য সন্মতভাৱে গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে । দায়বদ্ধতা বৃদ্ধিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাও সৰু-সুৰা চাফাই কাৰ্য কৰা হয় ।
শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষয়িত্ৰী মধুস্মিতা চৌধুৰীয়ে কয়, ‘‘সকলোকে সামৰি লৈ তেওঁলোকে এই অভিযান চলাই আহিছে । গতিকে তেওঁলোকৰ এই অভিযানত শিক্ষক-শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰী, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক সকলো সাঙোৰ খাই আছে ।’’ প্লাষ্টিক মুক্ত চৌহদ নিৰ্মাণত তেওঁলোক সফল হোৱা বুলিও প্ৰধান শিক্ষয়িত্ৰী চৌধুৰীয়ে সদৰী কৰে ৷