কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী - বৰপেটা প্ৰশাসন

🎬 Watch Now: Feature Video

thumbnail
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 5, 2026 at 7:56 PM IST

1 Min Read
Choose ETV Bharat

জনীয়া: কলগাছিয়াবাসীৰ বাবে এক সুখবৰ ৷ শুকুৰবাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল ৷ চিকিৎসালয়খনত এতিয়াৰে পৰা ৰোগী আৰু সৰ্বসাধাৰণ ৰাইজে লাভ কৰিব বিশুদ্ধ খোৱাপানী । শুকুৰবাৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতিত এই পানীৰ লৌহ পদাৰ্থ নিষ্কাষণ আৰু ভূগৰ্ভস্থ জলাশয় প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে ৷

উল্লেখ্য যে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ পুঁজিৰ পৰা প্ৰায় ২০ লাখ ৮৫ হাজাৰ ৩০৩ টকা ব্যয় সাপেক্ষে এই বিশেষ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে । আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকল্পটো উদ্বোধন কৰাৰ পূৰ্বে চিকিৎসালয়ৰ চৌহদত জিলা আয়ুক্তগৰাকীয়ে গছপুলি ৰোপণ কৰে । চিকিৎসালয়খনৰ সন্মুখত এজাক বৰষুণ দিলেই সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভতো জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে । অতি সোনকালেই এক নলা নিৰ্মাণৰ জৰিয়তে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব বুলিও প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হয় ।

লগতে পঢ়ক:সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি: প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details