শহুৰেকৰ ঘৰ বিচাৰি আহি থানাৰ আলহী হ'ল বাংলাদেশী যুৱক - BANGLADESHI ARRESTED

🎬 Watch Now: Feature Video

thumbnail
শহুৰেকৰ ঘৰ বিচাৰি আহি থানাৰ আলহী হ'ল বাংলাদেশী যুৱক (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 18, 2026 at 8:00 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ : দৰং দিলাৰ ধূলা আৰক্ষীৰ জালত এজন বাংলাদেশী যুৱক । লতাখাটৰ এজন লোকৰ ঘৰলৈ আহি আটক হল মহম্মদ জাকিৰ নামৰ বাংলাদেশী যুৱকজন । বাংলাদেশৰ বড়িশালৰ ফটোৱাখালি গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ । কিন্তু কিয় লতাখাটলৈ আহিল যুৱকজন ? এই সন্দৰ্ভত গাঁৱৰ এজন লোকে কয়, "দেওবাৰে আমাৰ গাঁৱৰ হাতিম আলীৰ ঘৰত অচিনাকি লোক এজন আহিছিল । লোক জনক আমি সোধাপোছা কৰিলোঁ । তেতিয়া তেওঁ বাংলাদেশী বুলি কয় । ৩-৪ বছৰ আগতে হাতিম আলীৰ কন্যাক তেওঁৰ ঘৰ কলকাতাত বুলি কৈ বিয়া পাতিছিল । বিয়াৰ পিছত এটা সন্তানো জন্ম পালে । পিছত ছোৱালীজনীয়ে গম পালে যে ল'ৰাজন কলকাতাৰ নহয় বাংলাদেশৰ হে । এই কথা গম পাই ছোৱালীজনী পলাই আহিল । এতিয়া ছোৱালীজনীৰ ঠিকনা বিচাৰি ল'ৰাজন গাঁও পালে । কথাখিনি গম পাই আমি ধূলা থানাত খবৰ কৰিলোঁ আৰু এখন এজাহাৰ দিলোঁ । পিছত আৰক্ষীয়ে ল'ৰাজনক থানালৈ লৈ আহিল ।"

ইফালে যুৱকজনেও কেমেৰাৰ সন্মুখত এই কথা স্বীকাৰ কৰে । কেইবা বছৰ ধৰি বেংগালুৰুত থকা বাংলাদেশী যুৱকজনে ভুৱা পৰিচয়েৰে লতাখাটৰ যুৱতীগৰাকীক বিয়া পাতিছিল । প্ৰকৃত পৰিচয় গম পোৱাৰ পিছত যুৱতীগৰাকী সন্তানৰ সৈতে মাকৰ ঘৰলৈ পলাই আহে । অৱশেষত পত্নী-সন্তানক বিচাৰি আহি বিপদত পৰিল বাংলাদেশী যুৱকজন । ধূলা আৰক্ষীয়ে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :

ভালকুৰ ভয়ত উজাগৰী নিশা কটাইছে যোৰহাটৰ ৰ'দৈ দ' গাঁওৰ লোক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details