ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণ-ৰূপ জয়ৰে জোনাই আয়ান শৰ্মাৰ চমকপ্ৰদ সাফল্য
🎬 Watch Now: Feature Video

Published : October 10, 2026 at 8:47 PM IST
জোনাই : কাৰাটে প্ৰতিযোগিতাত চিলাপথাৰৰ দহ বছৰীয়া কণমানি আয়ান শৰ্মাৰ চমকপ্ৰদ সাফল্য ৷ ১ ৰ পৰা ৪ অক্টোবৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত আয়ানে দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ আয়ানে ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে কাটাৰ আৰু কুমিটে শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে কণমানি খেলুৱৈগৰাকীয়ে নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে । আনহাতে, অহা ২০২৭ চনত জাপানত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত আয়ান শৰ্মা অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে ।
ভৱিষ্যতে এগৰাকী দক্ষ কাৰাটে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাটোৱেই কণমানিগৰাকীৰ প্ৰধান লক্ষ্য ।
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰি চিলাপথাৰৰ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে আয়ান শৰ্মাক গাঁওবাসীয়ে উষ্ম আদৰণি আৰু অভিনন্দন জনায় ৷ খেলুৱৈগৰাকীৰ এই সাফল্যই চিলাপথাৰবাসীৰ লগতে সমগ্ৰ অসমলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে ।