বিশ্ব ডেংগু দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী - WORLD DENGUE DAY

🎬 Watch Now: Feature Video

thumbnail
বিশ্ব ডেংগু দিৱস উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 15, 2026 at 10:07 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী: প্ৰতিবছৰে ১৫ জুন তাৰিখে বিশ্ব ডেংগু দিৱস পালন কৰা হয় । ডেংগু ৰোগ, ইয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য ।

ধুবুৰী জিলাতো ডেংগু ৰোগ, ইয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে ধুবুৰী জিলা স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতামূলক অভিযান চলাই থকাৰ কথা ব্যক্ত কৰে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসে ।

আনহাতে, ধুবুৰী জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ বিষয়া ডঃ নাজিয়া খাতুনে কয়, "ধুবুৰী জিলাত এই পৰ্যন্ত ৭ জন ডেংগু ৰোগীক চিনাক্ত কৰা হৈছে । ইয়াৰে ধৰ্মশালাত ৪ জন, ৰাণীগঞ্জত দুজন আৰু দক্ষিণ শালমাৰাত এজন ডেংগু ৰোগী চিনাক্ত কৰা হৈছে ।"

লগতে ধুবুৰী জিলা স্বাস্থ্য বিভাগে আটাইকেইজন ৰোগীৰে উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি আছে বুলি তেওঁ কয় ।

লগতে পঢ়ক :৫ মিনিটতে ভংগ হ'ল বাইক কিনাৰ সপোন; মঙলদৈত সংঘটিত চাঞ্চল্যকৰ ঘটনা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details