লাহৰীঘাটত ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ লম্পট যুৱকৰ, আহত ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি - ETV BHARAT ASSAM

🎬 Watch Now: Feature Video

thumbnail
লাহৰীঘাটত ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ লম্পট যুৱকৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 6, 2026 at 8:07 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও : লাহৰীঘাটৰ চেনিমাৰীত চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা লম্পট যুৱক ৷ অসৎ কাৰ্য কৰিব নোৱাৰি লম্পট যুৱকে ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাবে আহত হৈছে ছাত্ৰীগৰাকী ৷ ​ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা কলেজলৈ যাবলৈ ছাত্ৰীগৰাকীয়ে গা-ধুই আছিল ৷ তেনেতে ছাত্ৰীগৰাকীৰে অপকৰ্মৰ চেষ্টা কৰে লম্পট ওৱাহিদুল ইছলাম নামৰ যুৱকজনে ৷

ছাত্ৰীগৰাকীয়ে বাধা প্ৰদান কৰাত লম্পট যুৱক ওৱাহিদুল ইছলামে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছাত্ৰীগৰাকীক ৷ এই ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট যুৱক ওৱাহিদুল ইছলাম । আহত ছাত্ৰীগৰাকীক বৰ্তমান সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্যই কয়,"কলেজলৈ যাবলৈ গা-ধুই থাকোতে ছাত্ৰীগৰাকীক পাছফালৰ পৰা ধৰে লম্পট ওৱাহিদুলে ৷ তেনেতে ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ছাত্ৰীগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে ওৱাহিদুলে ৷"

লগতে পঢ়ক:‘লিচু উৎসৱ-২০২৬', ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details