জনজাতিকৰণৰ বিষয়ৰ পৰা ফালৰি কাটিছে চৰকাৰ, জ্বলিব ৰাজপথ: আটাছুৰ হুংকাৰ - ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

🎬 Watch Now: Feature Video

thumbnail
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা ফালৰি কাটিছে চৰকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 1, 2026 at 2:12 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা ভূমিকাক লৈ সৰৱ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ সভাপতি বসন্ত গগৈ ৷ বুধবাৰে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আটাছুৰ সভাপতি গগৈয়ে কয়,"নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ লগতে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল বিষয়টো । কিন্তু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগৰ পৰা বৰ্তমান ফালৰি কাটিছে চৰকাৰে ৷"

তেওঁ লগতে কয়,"কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ পৰাও বিষয়টোৰ সন্দৰ্ভত সঠিক উত্তৰ নাপালো ৷ যিহেতু খিলঞ্জীয় ভূমিপত্ৰই সাংবিধানিক অধিকাৰ পাবই লাগিব ৷ নহ'লে ভূমিপুত্ৰ খিলঞ্জীয়াই ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ হেৰুৱাৰ লগতে ভাষা-সংস্কৃতিলৈ সংকট নামিব ৷ সেয়ে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন নকৰিলে ৰাজপথলৈ ওলাই আহিব লাখ লাখ খিলঞ্জীয়া, জ্বলিব ৰাজপথ ৷"

লগতে পঢ়ক: ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি; 'চিকিৎসক দিৱস'ত মানৱদৰদী চিকিৎসকলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details