ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি - লণ্ডন
🎬 Watch Now: Feature Video

Published : June 9, 2026 at 11:48 AM IST
মাজুলী : সাত সাগৰ তেৰ নদী পাৰ হৈ ব্ৰিটিছ সংসদত অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি বাজিব। পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰদৰ্শন কৰা হ'ব অসমৰ বৈষ্ণৱ সংস্কৃতি । মাজুলী আউনীআটী সত্ৰৰ পৰা লণ্ডনলৈ বুলি সোমবাৰে যাত্ৰা কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ।
ব্ৰিটিছ সংসদৰ ১৫ নম্বৰ গৃহত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিশেষ বক্তৃতা প্ৰদান কৰিব মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । এক বিশেষ সভাত উপস্থিত থাকিব ব্ৰিটেইনৰ প্ৰায় ৬২ গৰাকী সাংসদ । অনুষ্ঠানটোৰ মূল সঞ্চালনা কৰিব ব্ৰিটেইনৰ মুখ্য সাংসদ ববে ।
অহা ১৭ জুনত এই সভাখন লণ্ডনৰ সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’ব । এই দুঘণ্টাৰ কাৰ্যসূচীত কেৱল বক্তৃতাই নহয়, প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া নৃত্য-গীতো । ইয়াৰে ৩০ মিনিট সত্ৰাধিকাৰগৰাকীয়ে ভাষণ আগবঢ়াব । এঘণ্টা সময় ব্ৰিটিছ সাংসদসকলৰ আগত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব, য’ত প্ৰশ্নোত্তৰ শিতানো অন্তৰ্ভুক্ত থাকিব ।
লগতে পঢ়ক:সন্ত্রাসবিৰোধী অভিযানত অসাধাৰণ সাহসিকতাৰ স্বীকৃতি: মেজৰ ভাৰ্গৱ কলিতালৈ শৌৰ্য চক্ৰ