শংকুৰাজ কোঁৱৰৰ কণ্ঠত ৰাজস্থানী লোকসংগীতৰ সুৰত ‘ধৰ ধৰ কলীয়া’ - লোকসংগীত
🎬 Watch Now: Feature Video

Published : June 8, 2026 at 5:54 PM IST
যোৰহাট: ৰাজস্থানী লোকসংগীত আৰু নগাঁৱৰ লোকসংগীতৰ সংমিশ্ৰণত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ কণ্ঠত শ্ৰোতাই শুনিবলৈ পাব এটি নতুন গীত । দেওবাৰে তিতাবৰত শংকুৰাজ কোঁৱৰৰ নতুন গীত ‘ধৰ ধৰ কলীয়া’ অনুষ্ঠানিকভাৱে মুকলি কৰা হয় । তিতাবৰত টিআৰপি প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ নতুন গীতটো ইউটিউবত আপলোড কৰে ।
গীতটোৱে শ্ৰোতা ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে কয়, "এইটো হৈছে ৰাজস্থানী লোকনৃত্য় আৰু নগাঁৱৰ লোকসংগীতৰ ফিউজন । বহু দিনৰ পৰা এই পৰিকল্পনাতো চলি আছিল । অৱশেষত সুন্দৰ ভিডিঅ'ৰ সৈতে ইউটিউবত আপলোড কৰা হৈছে । ৰাজা বৰুৱাও এই ভিডিঅ'টোৰ সৈতে জড়িত হৈ আছে ।"
লগতে পঢ়ক:অসমলৈ গৌৰৱ: 'লয়লহৰী' সংগীত প্ৰতিযোগিতাৰ ৪টা বিভাগতে বিজয়ী ১৫ বছৰীয়া অভিলাষা
ব্ৰহ্মপুত্ৰৰ কথাৰে ছবিগৃহলৈ আহি আছে 'মহাবাহু The Brahmaputra'