বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান - VELLORE MEDICAL COLLEGE

🎬 Watch Now: Feature Video

thumbnail
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন,মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2026 at 3:30 PM IST

|

Updated : July 7, 2026 at 4:08 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট: জীৱিকাৰ সন্ধানত অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীৰ লগতে শ্ৰমিক সন্ধানহীন আৰু মৃত্য়ু হোৱাৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে । ইয়াৰ মাজতেই তামিলনাডুত তেনে এক ঘটনা সংঘটিত হয় । যোৰহাট জিলাৰ মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ জিতেন আগেৰিয়াৰ মৃত্য়ু হোৱাৰ পিছত এতিয়া দুখীয়া পৰিয়ালটোৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।  

তামিলনাডুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজন এক দুৰ্ঘটনাত পতিত হৈছিল । পিছত যুৱকজনক ভেল্লোৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনে অকাল মৃত্যুক সাবটিবলগীয়া হয় ।

ইয়াৰ পিছতেই আৰক্ষীয়ে যুৱকজনৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে । আনহাতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ধনৰ অভাৱত নিজগৃহলৈ মৃতদেহ আনিব নোৱৰাত এইক্ষেত্ৰত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ।

লগতে পঢ়ক :স্বামী-সন্তানেৰে ভৰা সংসাৰ এৰি ক’লৈ গ’ল বনলতা? মঙলদৈত শাহুৰ কাতৰ অনুৰোধ?

কটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?

Last Updated : July 7, 2026 at 4:08 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details