মঙলদৈত অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ অভিনন্দন অনুষ্ঠান - অসম নিৰ্মাণ মজদুৰ ইউনিয়ন

🎬 Watch Now: Feature Video

thumbnail
মঙলদৈত অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ অভিনন্দন অনুষ্ঠান (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 25, 2026 at 3:40 PM IST

1 Min Read
Choose ETV Bharat

মঙলদৈ: অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নে মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে । য'ত অঞ্চলটোৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় ।

এই সন্দৰ্ভত সংগঠনটোৰ সম্পাদক ভূপেন বৰুৱাই কয়, "অসম মজদুৰ ইউনিয়নৰ দৰং জিলা সমিতিৰ এই অভিনন্দন অনুষ্ঠানত ৩০০ গৰাকী শিক্ষাৰ্থীক আমি অভিনন্দন জনাইছোঁ । ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ । যাতে আমাৰ নিৰ্মাণ শ্ৰমিকৰ ল'ৰা-ছোৱালীখিনি আগবাঢ়ি যাব পাৰে । নিৰ্মাণ শ্ৰমিকৰ আইন মতে শিক্ষা বৃত্তিৰ ক্ষেত্ৰত এজন নিৰ্মাণ শ্ৰমিকৰ দুটা ল'ৰা-ছোৱালীয়ে শিক্ষা বৃত্তি পায় । যদি শতকৰা ৬০ ওপৰত নম্বৰ পায় তেনেহ'লে ৩ ধৰণৰ নগদ বঁটা পায় । লগতে সাধাৰণ হিচাপে যিটো শিক্ষা বৃত্তি আছে সেইটো পায় । গতিকে এই টকাখিনিৰে তেওঁলোকে স্কুলৰ নামভৰ্তি, সাজপাৰ আদিত খৰচ কৰিব পাৰিব ।"

অভিনন্দন অনুষ্ঠানত অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ সভাপতি, সম্পাদকৰ লগতে কেইবাগৰাকীও বিষয়াববীয়া উপস্থিত থাকে । অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীও উপস্থিত থাকে ।

লগতে পঢ়ক :

মেখেলা-চাদৰৰ পৰা ফুলাম গামোচালৈ, তাঁতশালত সপোন ৰচিছে মাজুলীৰ দুই শিপিনীয়ে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details