অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ; ইতিহাস ৰচিলে বৰপেটা ব্ৰেভছ দলে

🎬 Watch Now: Feature Video

thumbnail
বৰপেটা সত্ৰত উপস্থিত বৰপেটা ব্ৰেভছ দল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 25, 2026 at 7:37 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন বৰপেটা ব্ৰেভছ দলে মঙলবাৰে দিনৰ ভাগত বৰপেটা সত্ৰত উপস্থিত হয় ।‌ গুৱাহাটীৰ পৰা দলটো পোনে পোনে আহি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হোৱাৰ পাছতে জিলাবাসীয়ে দলৰ প্ৰতিজন খেলুৱৈ, প্ৰশিক্ষক আৰু কৰ্মকৰ্তাক উষ্ম আদৰণি জনায় ।

ইয়াৰ পাছতে বিজয়ী ট্ৰফীসহ দলটোৱে সত্ৰত সেৱা জনায় । বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দলটোক লৈ বৰপেটা চহৰত এক সমদল বাহিৰ কৰা হয় ।‌

দলটোৰ স্বত্বাধিকাৰী পংকজ আগৰৱালাই কয়, ‘‘অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণতে বৰপেটা ব্ৰেভছ দলে যি ইতিহাস ৰচিবলৈ সক্ষম হ'ল ৷ ইয়াৰ ধাৰাবাহিকতা পৰৱৰ্তী সংস্কৰণবোৰতো অব্যাহত ৰখাৰ চেষ্টা চলাব । অসম প্ৰিমিয়াৰ লীগৰ জৰিয়তে অসমে আগন্তুক দিনবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন নতুন খেলুৱৈৰ অন্তৰ্ভুক্তিৰ দুৱাৰ খুলি দিলে ।’’ দলৰ কেপ্টেইন কুনাল শৰ্মাই অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণতে খিতাপ দখল‌ কৰিবলৈ সক্ষম হোৱাত তেওঁ যথেষ্ট আনন্দিত বুলি ব্যক্ত কৰে ।

ইয়াৰ পাছতে দলটোৰ সকলো খেলুৱৈক বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাস, বৰপেটা জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : অৰুণাচলৰ দুই মহিলা টাইকোৱাণ্ডো খেলুৱৈৰ ভাৰতীয় এছিয়ান গেমছ দলত স্থান লাভ, মুখ্য়মন্ত্ৰী পেমা খাণ্ডুৰ শুভেচ্ছা