নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী - DRUGS SEIZED

🎬 Watch Now: Feature Video

thumbnail
দক্ষিণ শালমাৰা মানকাচৰ আৰু ধেমাজিত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 4, 2026 at 4:27 PM IST

1 Min Read
Choose ETV Bharat

দক্ষিণ শালমাৰা মানকাচৰ/জোনাই : ড্ৰাগছ, গাঞ্জাকে ধৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিছে । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেপাৰীপাৰা গাঁৱত অভিযান চলাই বুধবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ছলমান শ্বেখ নামৰ এজন লোককো আটক কৰে । নিশা সুখচৰ থানাৰ আৰক্ষী বিষয়া জে এছ খোবুঙৰ নেতৃত্বত অভিযান চলাই আৰক্ষী দলটোৱে ছলমান শ্বেখৰ ঘৰৰ পৰা ২ কেজি ৭৪৬ গ্ৰাম গাঞ্জা আৰু নিচাজাতীয় টেবলেটৰ ২ টা পেকেট জব্দ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

ইফালে ধেমাজি জিলাৰ জোনাই অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । জোনাই আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিহাৰ চাংমাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মূর্কংচেলেক ৰে'লৱে ষ্টেচনৰ সমীপৰ নগঞা কেম্পৰ পৰা নুৰুদ্দিন আলী নামৰ যুৱকজনৰ পৰা সন্দেহযুক্ত ড্ৰাগছখিনি জব্দ কৰে । অভিযুক্ত নুৰুদ্দিনক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । নুৰুদ্দিনে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি গুৱাহাটীৰ পৰা বিশেষ ব্যক্তিৰ জৰিয়তে তেওঁ ড্ৰাগছখিনি লৈ গৈছিল । অভিযুক্তই কয়, "গুৱাহাটীৰ পৰা আনি দিয়া মানুহ বেলেগ । নাম নাজানো । ইয়াতে গাঁৱৰ দুই-এজন ল'ৰাই খায় ।"

লগতে পঢ়ক :

ছোৱালী-বোৱাৰী দেখিলে ৰ'বই নোৱাৰা দ্বীপকেশ এতিয়া ৰঙাঘৰৰ আলহী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details